Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom
346 subscribers
758 photos
136 videos
6 files
1.29K links
Best Assamese Quote, Assamese Status, Story, And News. JonaKaxom is one of the Assamese Best Website Blog In Assam

Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Film - Jonak Axom


blog- www.jonakaxom.in
Download Telegram
" অনুভৱ কৰি চালো , বহুত মানুহক দুৰৰ পৰা বা প্ৰথম দেখাতেই যেনেকুৱা লাগে, মানুহজন আচলতে তেনে নহয় .. একদম অন্যৰকমৰ !!

যি মানুহজনক ভাবিছিলো ভয়ংকৰ বদমেজাজী, সেই মানুহটোক মই দেখিছো মাত্র এদিনৰ বাবে ... সেই এদিনতে তেওঁৰ জীৱনৰ অন্যতম এটা বেয়া দিন আছিল - সেই কথাটো মোৰ অজ্ঞাত। .. সেই দিনতেই তেঁওৰ সৈতে মোৰ পৰিচয়... আৰু সেইদিনাৰ আচৰণৰ পৰা মই ধৰি লৈছিলো, মানুহটো খঙাল, মেজাজী বা ভাল নহয় !!

যি মানুহজনৰ মুখৰ হাঁহি দেখি ভাবিছিলো , পৃথিবীৰ সকলোতকৈ সুখী মানুহটোৱে সেইজন ... অথচ তেঁওৰ গল্পও মই নাজানো ... তেওঁৰ জীৱনৰ গল্পত আছে বিচ্ছেদ, হতাশা আৰু সুনিপুণ অভিনয় ... সেই সুনিপুণ অভিনয়ৰ আৱৰণে ঢাকি থাকে সমস্ত দুঃখবিলাস !!

এনে কত শত মানুহক লৈ ভুল ধাৰণাৰে বাচি আছো ... কেতিয়াবা সুযোগ হলে দুই এদিন সন্ধিয়াৰ সময় খৰচ কৰি সকলোবোৰ মানুহৰে কথা শুনিম ... যিটো কথা মই নাজানো , অলপ সময়ৰ পৰিচয়ত কাৰোবাৰ মনৰ যি কথা জনা নাযায় , যি কথাত মানুহজনক বুজা যায়, চিনা যায় !!

ব্যস্ত জীবনত এনে কোনো সন্ধিয়া আহি নপৰে .. বিশাল এই চহৰখনত বহুত মানুহৰ সৈতে এবাৰতকৈ বেছি আৰু দেখা নহয় ... কাৰোবাৰ সৈতে দেখা হলেও দুইজনৰ মাজত থাকে অধিকাৰৰ অদৃশ্য এক দেৱাল ... সেই অধিকাৰৰ দেৱাল বগৰাই দিয়া নহয় কেতিয়াও !!

কেতিয়াবা দেৱালৰ ইটোপাৰে যাবলৈ পাৰিলে ব্যস্ত জীৱনৰ পৰা দুটি সন্ধ্যা ধাৰ কৰি মানুহবোৰৰ কান্ধত হাত ৰাখি, চকুৰ পিনে চাই বুজি পালোহেতেন মুখৰ হাঁহিটো সঁচা নে মিছা , কাণ পাতি দীর্ঘশ্বাসৰ মৃদু শব্দখিনি শুনি পালোহেতেন ...

আৰু জানিবলৈ বিচাৰিলোহেতেন, প্রতিদিন ঘৰলৈ উভতি অহাৰ সময়ত গাড়ীৰ বা বাছৰ খিৰিকীৰে চাই মানুহজনে কি ভাবি থাকে, কি বিচাৰি ফুৰে তন্ন তন্নকৈ?

... ট্রাফিক চিগনেলত অনন্তকাল ধৰি বন্দী হৈ থকা বাইক বা বেটাৰী ৰিক্সাত জড় হৈ বহি থাকি আকাশৰ পিনে চাই মানুহটোৱে যি জীৱনৰ কল্পনা কৰে সেই জীৱনটো আকাশৰ পৰা সঁচা সচিকৈ কেতিয়াবা নামি আহিবনে?

আহিবতো???

#jonakaxom