Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom
354 subscribers
740 photos
136 videos
6 files
1.11K links
Best Assamese Quote, Assamese Status, Story, And News. JonaKaxom is one of the Assamese Best Website Blog In Assam

Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Film - Jonak Axom


blog- www.jonakaxom.in
Download Telegram
২০২০ চনৰ ১৫ মাৰ্চৰ কথা সিদিনা মোৰ জন্ম দিন আৰু সেই বিশেষ দিনটোতেই মই আত্মহত্যা কৰিছিলোঁ । ২০১৮ চনত ইতিমধ্যে মোৰ মা-দেউতাৰো প্ৰাকৃতিক জনিত কাৰণত মৃত্যু হৈ গৈছে । মই সাংঘাটিক ধৰণৰে মানসিকভাৱে ভাঙি পৰিছিলোঁ । প্ৰত্যেক দিনৰ anxiety depression stress ত মই জীয়াই থকাৰ হেপাঁ‌হ হেৰুৱাই পেলাইছিলোঁ‌। এনেকুৱা লাগিছিল যেন প্ৰতিতো উশাহ-নিশাহত যেনিবা বুকুত ১০ কেজি ওজনৰ এটা শিলহে কঢ়িয়াই ফুৰো। কিন্তু মোক ইয়াৰ বাবে বাৰুকৈ ইন্ধন যোগাইছিল যিজন ল'ৰাৰ লগত মা-দেউতা জীৱিত থকা অৱস্থাত মোৰ বিয়া ঠিক হৈছিল। সি মোৰ ওপৰত নানান ধৰণৰ কাইটিয়া কথাৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানসিক অত্যাচাৰ চলাইছিল শেষত উপায়ন্তৰ হৈ আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰিলোঁ। মোৰ জন্ম দিন আৰু কাষত মোক জন্ম দিয়া এটাও মানুহ নাই আনফালে যাৰ ওপৰত ভৰসা কৰি নিজৰ ভৱিষ্যৎ এৰি দিছিলো সিও অন্য ছোৱালীৰ লগত সম্পৰ্ক ৰাখিবলৈ মোৰ ওপৰত অত্যাচাৰ কৰে। সম্পূৰ্ণ ২ বছৰ সকলোবোৰ মুখৰ এটা মাত নোহোৱাকৈ সকলো অত্যাচাৰ সহ্য কৰি গ'লো । আচৰিত কথাটো হ'ল যে মই ২০-২৫ মিনিট সময় খিৰিকীৰ ventilation ত উলমি থকাৰ পিছতো মৃত্যু মুখত নপৰিলো । ইয়াৰ কাৰণ হয়তো আত্মহত্যাৰ বাবে মা-দেউতাৰ বগা মালা আৰি থোৱা ফটো ৰখা ঠাইখিনিক পছন্দ কৰি লোৱাৰ বাবেই । কিন্তু ইয়াৰ বাবে প্ৰায় ৪ দিনমান অচেতন অৱস্থাত ICU ৰখা হৈছিল । doctor কেইজনে মোৰ আত্মীয়ক আগতীয়াকৈ alert কৰি দিছিল হয়তো মোৰ মৃত্যু হ'ব নতুবা আজীৱন কোমাত থাকিম । আত্মহত্যাৰ সময়খিনি মোৰ বাবে সুবেই বেছি আবেগিক আছিল। সচাঁ‌ অৰ্থত কি জানে মৃত্যুক কোনো ভাল নাপাই । মই নিজেও ভাল পোৱা নাছিলোঁ‌ কাৰণ মোৰ আত্মীয় আছিল মোৰ ঘৰত। দায়িত্ব আছিল মোৰ ওপৰত কিন্তু তথাপিতো সকলো পাহৰি স্বাৰ্থপৰ হৈ সকলোবোৰ যন্ত্ৰণাৰ পৰা মই মুক্ত হ'ব বিচাৰিলোঁ । মোৰ তাত মৃত্যুৰ বাদে আৰু আন কোনো শান্তি আৰু উপায় থকাও নাছিল। কিন্তু আজি মই সম্পূৰ্ণ সুস্থ আৰু মানসিকভাৱে আগতকৈ বহু বেছি শক্তিশালী। মোক দেখিলে বা মোৰ লগত কথা পাতিলে কোনেও ধৰিবই নোৱাৰিব যে মই এগৰাকী আত্মহত্যাকাৰী। ঘটনাটোৰ পিছৰে পৰা মই বহুত বেছি spiritual হৈ পৰিছোঁ‌ যেন কিবা এটা আলৌকিক শক্তি মোৰ ভিতৰত আহি পৰিছে। তান্ত্ৰিক বিদ্যা আৰু black magic ৰ বাদে মই Astrology numerology সকলোবোৰ বিদ্যা জনা হ'লো । মোৰ লগতে আনকি মোৰ আত্মীয়ৰো কিবা যদি বেয়া হ'ব লগীয়া থাকে তেন্তে মই আগতীয়াকৈ অনুমান কৰিব পৰা হ'লো । আত্মহত্যা কৰাৰ পিছৰ প্ৰায় ২ মাহ মান সময় মই স্মৃতিশক্তি হেৰুৱাছিলোঁ‌ আনকি দৈনন্দিনৰ কাম কথাবোৰকো মোৰ মনত থকা নাছিল এইটো বাৰু mental health issues বাবেই হৈছিল । কিয় নাজানো এটা আজিও মই বুজি নাপালোঁ‌ মোৰ একো কথা মনত নাছিল ICU ত মই অচেতন অৱস্থাত আছিলো কিন্তু মোৰ কেনেকৈ চকুৰ আগত কিছুমান দৃশ্যপট ঘুৰি থাকে যে মোৰ ডিঙিৰ পৰা কোনে চুৰ্ণিখন খুলিছিল ? কোনে মোৰ বুকুত জোৰ-জোৰকৈ হেচিছিল ? কোনবোৰ চুবুৰীয়াই আহি মোৰ অচেতন শৰীৰটোৰ কাষত ঠিয় দি কান্দিছিল ? সেই একেখিনি কথা মই মোৰ আত্মীয়ৰ মুখৰে শুনিছিলোঁ‌ কিন্তু কাণেৰে শুনা কথাবোৰ হুবহু কেনেকৈ চকুৰ আগত ভাহি থাকিব নো ?
মোৰ এনেকুৱা লাগে যে মোৰ দেৱতাতুল্য মৃত মা-দেউতাই হয়তো মোক কিছুমান আলৌকিক শক্তি দি থয় গ'ল । (নাম প্ৰকাশিত নকৰিব)
1000 + Assamese E-Book Download: Free Assamese Books In PDF (Updated Monthly)
Click Here To Read ➡️ https://ift.tt/2Z2SvgJ
assamese book
Assamese Jokes | Funny Assamese Whatsapp Image Joke | অসমীয়া কৌতুক
Click Here To Read ➡️ https://ift.tt/3mb6BIf
assamese quote