Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom
349 subscribers
741 photos
136 videos
6 files
1.12K links
Best Assamese Quote, Assamese Status, Story, And News. JonaKaxom is one of the Assamese Best Website Blog In Assam

Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Film - Jonak Axom


blog- www.jonakaxom.in
Download Telegram
EPUB ফাইল Assamese Tech Tips For Android User
Click Here To Read ➡️ https://ift.tt/3bSkZjs
Assamese tech tips, Tech, টিপচ্, টিপচ্ এণ্ড ট্ৰিকচ্
Axomiya Online Novel Daini Part 25
Click Here To Read ➡️ https://ift.tt/3uRz09t
assamese new story, Assamese Novel
আজি মই এটা নতুন ক'টাগ কিনিলো। ফাৰ্মাচিউটিকেল কোম্পানীত নতুন চাকৰি লাভ কৰি হঠাৎ মোৰ ভাল দিন আৰম্ভ হৈছে। পাঁচ মাহৰ বেতন জমা কৰি কিনি লোৱা এই পুৰণি নিৰ্মাণশৈলীৰ এই ক'টাগটো হল এটা বিশাল ঘৰ। বাকীবোৰৰ তুলনাত প্রায় পানীৰ দামত কিনিছো এই ঘৰটো । ৭০ হাজাৰ ইউৰোৰ এই বিশাল কটাগ ঘৰটো মাত্ৰ কপালৰ গুণতেই পাব পাৰি । তাত আগতে সেইটো এটা গীর্জা আছিল। মই সিদিনা গোটেই দিন সম্পূৰ্ণ ক'টাগটো ঘুৰি ঘুৰি নিৰীক্ষণ কৰিলো । বহুতো পুৰণি ঘৰত ভুগর্ভস্থ কুঠৰি থাকে, কিন্তু আমাৰ ক'টাগটোৰ ভুগর্ভস্থ কুঠৰি বেছ ভিন্ন ধৰণৰ। একলগে পাঁচটা ঘৰ আটাইকেইটা ধাতুৰ ৰদেৰে আবৰা । যেন জেলখানা জেলখানা ভাব হয় । ওপৰত এটা বিশাল লাইব্ৰেৰিত আছে পুৰণি বহী কিতাপৰ ঠাক । লাইব্ৰেৰীত বহু কিতাপৰ মাজত এখনি পৰণি বাইবেলে মোৰ দৃষ্টি আকর্ষণ কৰিলে । এনে লাগিল যেন বাইবেলখনে টানি টানি মোৰ হাতখন তাৰ ওপৰলৈ লৈ গল। বাইবেলৰ ১ম পৃষ্ঠাটো ওলোটাই এটা বস্তু মন কৰিলো বাইবেলৰ প্রতিটো পৃষ্ঠাৰ এপিঠিত ছপা আৰু আন পিঠি গ্ৰেফাইটৰ সৰু সৰু হাতৰ আখৰেৰে প'লিচ ভাষাত কিবা লিখা আছে। ধর্মকর্মত মোৰ ইমান আগ্ৰহ নাই। বাইবেলখনৰ ধাৰ্মিক কথাবোৰ বাদ দি উল্টাফালৰ লেখাবোৰ পঢ়িবলৈ ধৰিলো। লেখাখিনিৰ উপৰৰ শিৰোনামা আছিল ডাইনী। তাৰ প্রথম পৃষ্ঠাৰ সৰল অসমীয়া অনুবাদ হব এনেকুৱা ,

" মই এজনী হতভাগিনী । মোৰ নাম এলিচ ভন্টেইজিয়ান। মোক তেওঁলোকে ডাইনীবিদ্যা চর্চাৰ অপৰাধত ইয়ালৈ ধৰি আনিছে । মোৰ দেউতাৰ এটি অতিথিশালা আছিল । মাৰ বহুত আগতেই মৃত্যু হৈছে । কেইসপ্তাহমানৰ আগতে দেউতাইও মোক এৰি গুচি গল । দেউতাৰ মৃত্যু পিছত মই অতিথিশালাৰ মালিক হলেও তেওঁক হেৰুওৱা দুখত কামত মন নিদিয়া হৈছো। সকলো একে স্বাভাবিক হৈয়ে আছিল । কিন্তু বিপত্তিটো ঘটিল দুদিন আগেয়ে। আমাৰ অতিথিশালাত এজন অতিথিৰ মৃত্যু হল। মই যিখিনি জানো মানুহজনে অতিৰিক্ত মদ গিলি মৃত্যু হৈছে। কিন্তু কোনোবাই যেন উৰাবাতৰি প্ৰচাৰ কৰিলে মই হেনো ডাইনী। ডাইনী বিদ্যা প্ৰয়োগ কৰি মই মোৰ দেউতা আৰু সেই মানুহজনক খুন কৰিছো। । তাৰপৰা গীর্জাৰ পৰা প্রিষ্টৰ নির্দেশত মোক ইয়ালৈ বন্দী কৰি অনা হল। অতিথিশালাটো গীর্জাৰ সম্পত্তি হিচাপে দখল কৰি লোৱা হল। ডাইনীবিদ্যা একো নাজানো মই। তাৰপিছতো মোৰ পিঠিত চাবুকৰ কোব শোধোৱা হল। কিমানবাৰ মই তেওঁলোকক কলো মই ডাইনী নহয়। মই এলিচ। তোমালোকে সকলোকে মোক চিনি পোৱা। প্ৰতিবাৰে মই গীৰ্জালৈ প্ৰাৰ্থনাৰ বাবে আহো, কিন্তু কোনোৱে মোৰ কথা নুশুনিলে। এসময়ত মই জ্ঞান হেৰুৱাই পেলালো। তাৰ পিছত সাৰ পাই দেখি দেখিলো মই ইয়াতে পৰি আছো। নাজানো আৰু কিমান শাস্তি মই সহ্য কৰিব লাগিব। তাৰ পিছতো মই পণ কৰিছো যি নহলেওঁ মই কোনো ডাইনীৰ অপবাদ স্বীকাৰ নকৰো। বাইবেলখন মোৰ কুঠৰিটোৰ এটা কোনত পৰি আছিল।কাষত থকা গ্ৰেফাইটৰ টুকুৰাএটাৰে পবিত্র বাইবেলত মই ইশ্বৰৰ নামত শপত খাই লিখিছো,মই ডাইনী নহয় "

প্রথম পৃষ্ঠাটো পঢ়াৰ পিছত মনৰ অজানিতে এই ছোৱালীজনীৰ বাবে চকু পানী ওলাই আহিল। মই জানিছিলো মধ্যযুগত এনেদৰে ছোৱালীবোৰক ডাইনীৰ অপবাদ দি মাৰি পেলোৱা হৈছিল কিন্তু ভবা নাছিলো মইও এনে এক ভিক্টিমৰ সৈতে পৰিচিত হম। বুজিবলৈ পৰিলো আমাৰ ঘৰটো তেতিয়াৰ গীর্জা আছিল আৰু ক'টাগৰ ভুগর্ভস্থ পাঁচ কুঠৰিৰ কোনো এটাত এলিচক বন্দি কৰি ৰখা হৈছিল । তাৰ পিছত পৃষ্ঠাত বাইবেলৰ লেখাটো ওলোটাই দিয়াত এলিছৰ লেখাটো পালো ।

"আজি দুদিন হল মই ইয়াতে আছো মোক এটুপিও পানী খাবলৈ দিয়া হোৱা নাই। মোৰ বাথৰুম কৰাৰ প্ৰয়োজন হোৱাত মই সিহতক কিমান যে মাতিলো কোনোৱে মোক বাহিৰলৈ লৈ নাহিল। শেষত বাধ্য হৈ চুকত কৰি দিলো । হে ঈশ্বৰ কি অপৰাধত এই শাস্তি দিছা মোক । মই কান্দিবলৈ লৈ আকৌ অজ্ঞান হৈ পৰিলো । টোপনি আহিল মোৰ। মাক সপোনত দেখিলো মোৰ বাবে ৰুটি আৰু ভাজি লৈ আহিছে। তাৰপিছত হঠাৎ সাৰ পাই দেখিলো এটা ইন্দুৰ মোৰ ভৰিৰ ওপৰেৰে আগবাঢ়ি আহিছে। সেইটো ধৰি তাৰ গলত কামুৰি দিলো। দুদিন লঘোনে থকাৰ বাবে এই লেতেৰা ইন্দুৰটোৰো তেজখিনি মোৰ তৃষ্ণাতুৰ গলটোৱে অমৃতযেন অনুভৱ হল। । ইন্দুৰটো খাবলৈ ধৰাৰ সময়তেই পহৰাদাৰে মোক দেখা পালে। সি চিঞৰি চিঞৰি কবলৈ ধৰিলে মই হেনো ইন্দুৰটো খাই প্ৰমান কৰি দিছো মই এজনী ডাইনী। আৰু কেইজনমান পহৰাদাৰে তাৰ সৈতে যোগ দিলে। মই কলো মই ক্ষুধাৰ্ত বাবেই এয়া খাইছো কিন্তু তেঁওলোকে নুশুনিলে। এজনে লোহাৰ ৰদৰ ফাকেৰে হাতখন সোমাই দি মোৰ গালত এটা প্ৰচণ্ড চৰ শোধালে। মই মাটিত পৰি গলো। সিহতে মোৰ পৰা সেই আধা ইন্দুৰটো লৈ গল। বাকীবোৰক মোৰ ডাইনী বিদ্যাৰ প্ৰমান দেখুৱাব বোলে। আজি যি ঘটিল তাত সিহতৰ ওচৰত মই ডাইনী হোৱাৰ অপৰাধ প্রমাণিত হৈ গল। কিন্তু ঈশ্বৰে তো জানে মই ডাইনী নহয়,মইও ইশ্বৰৰ একনিষ্ঠ সেৱক।"

দ্বিতীয় পৃষ্ঠা পঢ়াৰ সময়ত মই কান্দি উঠিলো। ছোৱালী এজনীৰ ওপৰত চলা অমানুষিক নির্যাতনৰ মর্মস্পর্শী বর্ণনা পঢ়ি মই নিজকে ঠিক কৰি ৰাখিবলৈ নোৱাৰা হলো। মাৰ নম্বৰটোত উদভ্রান্তৰ দৰে ভিডিঅ কল কৰিবলৈ ধৰিলো ।মায়ে মোৰ চকু আৰু ফুলি উঠা নাকটো চাই আচৰিত হৈ উঠিল। মই মাক কলো তোমাক বহুত মিছ কৰিছো মা। সেয়ে চকুল
ৈ পানী আহিছে। মায়ে মোক কিছুসময় চাই থাকি হাহিলে আৰু কলে।
ধুৰ কান্দে নেকি । আহা সপ্তাহত মই তোৰ ঘৰলৈ যাম।..... নানা কথা পাতি মোৰ মনটো ভাল হৈ গল। সিদিনা আৰু এলিচৰ ডায়েৰীটো পঢ়া নহল। এখন কমেডি মুভি চাই ভাত খাই সোনকালে শুই পৰিলো। ৰাতিপুৱা অফিচ আছে মোৰ ।

সিদিনা ৰাতি মই এক অদ্ভুত সপোন দেখিলো। সপোনত দেখিলো আমাৰ ক'টাগৰ পিছপিনে কুৱাৰ কাষত এটি অগ্নিকুণ্ড জ্বলি জ্বলি এসময়ত এটা নাৰীমূর্তিৰ আকৃতি ধাৰণ কৰিলে, আৰু পিছত এটা ভয়ানক কর্কশ চিৎকাৰ আহিল , আৰু অগ্নিকুণ্ডটো হঠাৎ নোহোৱা হৈ আগৰদৰে হৈ গল।

পিছদিনা ৰাতিপুৱা শুই উঠি দাত ঘহি ঘহি থাকোতে বাথৰুমৰ আইনাখনত চকু পৰিল। ধুলিৰ ভৰপূৰ আইনাখনত যেন সৰু সৰু হস্তাক্ষৰত পলিচ আখৰত কিবা লিখি দিছে এলিচে । চমক খাই দুখোজ পিছুৱাই আহিলো। তাৰ পিছত ভয়ে ভয়ে আগুৱাই গৈ আইনাত ভালকৈ চাই দেখিলো তাত একো লিখা নাই। গোটেইখিনি ধুলিময়। আপোন মনেৰে হাঁহিবলৈ আৰম্ভ কৰিলো। বুজিলো এইবোৰ অচেতন মনৰ ফাল্টু কল্পনা। সিদিনা অফিচৰ শেষত ক্লান্ত হৈ ঘৰ উভতি আহি শুই পৰিলো। আবেলি শুই পৰিছিলো বাবে কোনো লাইট জ্বলোৱা হোৱা নাছিল। ৰাতি অন্ধকাৰত ডুবি থাকিল মোৰ ঘৰটো।মাজৰাতি এটা কৰুণ কান্দোনৰ শব্দত টোপনি ভাঙি গল। ৰুমটো আন্ধাৰ বাবেই একো দেখা পোৱা নাছিলো মই। কিন্তু এনে লাগিছিল কান্দোনটো লাইব্ৰেৰীৰ পৰাই আহিছে। খেপিয়াই খেপিয়াই ৰুমৰ লাইটটো জ্বলাই লাইব্ৰেৰীটোলৈ আহিলো। যোৱাৰ সময়ত হাতত ছুৰীখন লৈ আহিলো। ৰুমটোত সোমোৱাৰ লগে লগেই কান্দোনৰ শব্দটো কমি গল.। লাইব্ৰেৰীত চুইচবোৰ্ডখনত বিচাৰি লাইটটো জ্বলালো । লাইব্ৰেৰীত একো নাই । কিন্তু বাইবেলখন ডেস্কত খোলা পৰি আছে। মই কাষলৈ গৈ দেখিলো আগতে যে এলিচৰ দুটি পৃষ্ঠা যে মই পঢ়িছিলো তাৰ পৰবৰ্তী পৃষ্ঠা তৃতীয় পৃষ্ঠাটো খোল খাই আছে। যেন মোৰ পঢ়াৰ অপেক্ষাত। কিন্তু মোৰ স্পষ্ট মনত আছে শেষবাৰ মই বাইবেলখন বন্ধ কৰি চেলফত তুলি ৰাখিছিলো , কিন্তু আজি সেয়া ডেস্কত আহিল কিদৰে ? ভাবি ভাবি বাইবেলখন তুলি লৈ এলিছৰ লিখাবোৰ আকৌ পঢ়িবলৈ আৰম্ভ কৰিলো। তাই লিখিছে, .......

(আগলৈ)


প্ৰিয় বন্ধু ৫০ টা পাৰ্টৰ এই নতুন উপন্যাসখন আপোনাক এইটো পেজৰ জৰিয়তে পোষ্ট কৰিম ভাবিছো। আপুনি যদি ওপৰৰ পাৰ্টটো পঢ়িলে অন্তত তলৰ কমেন্ট বক্সত এটা কমেন্ট কৰক। আপোনাৰ কমেন্টে মোক বহুত উৎসাহিত কৰিব।

লগতে কাষৰ শ্বেয়াৰ বুটামত ক্লিক কৰি শ্বেয়াৰো কৰক।

❤️❤️❤️ । ৰাতিলৈকে ২য়টো পাৰ্ট দিয়া হব। 😘😘
🌺🌹 কেতিয়াও এনেকুৱা কৈ নাভাবিব যে, আপুনি অকলশৰীয়া। বৰঞ্চ ভাবি লওঁক, আপুনি অকলেই যঠেষ্ট 🪴🎋

🌱🌿 Never think that you alone be, rather think that you alone is enough 🥀🍁

╭══════════════════╮
Ꭻᴏɪɴ ➛ @JonakAxom
╰══════════════════╯
How To Make a Blog On BlogSpot Platform In 2021 | Blogger Tips 2021
Click Here To Read ➡️ https://ift.tt/37YSPCu
blogging, seo
Best Job Sites In Assam | Assam Career Latest Job Requirement Website | Job In Assam
Click Here To Read ➡️ https://ift.tt/3buyUgv
Asam job Site, Assamese Job, Sorkari Sakori, বিবিধা
How to Create Sitemap for Blogger and Add Google Search Console 2021
Click Here To Read ➡️ https://ift.tt/30tz8y1
blogging
Home Tutor In Guwahati | How to Start Home Tutor Business In Assam 2020
Click Here To Read ➡️ https://ift.tt/2PEvBuz
business, Home tutor business
মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক

Group link https://tttttt.me/joinchat/EykjeAwLE2V4OJ1v
Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom pinned «মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক Group link https://tttttt.me/joinchat/EykjeAwLE2V4OJ1v»